Story

                    মেজৰ ওপৰত মাথো বগা কাগজৰ দম।সেই কাগজৰ দমৰ মাজৰ এখন মাত্ৰ কাগজতহে  চিয়াঁহীৰ আঁচোৰ।এটা এটা আঁচোৰ মাৰি মানুহে সৃষ্টি কৰি গৈছে শব্দৰ মালা। খুত নথকা কাগজখনৰ শেষ পৰ্যন্ত সেই দশা হ'ল।কাগজখিলাই বৰ অপমানিত বোধ কৰিলে।নিজৰ চেহেৰা দেখি তাৰ বৰ খং উঠিল।গতিকে তাৰ এই অৱস্থাৰ কাৰণে নিজৰ খোভখিনি চিয়াঁহীৰ ওপৰত উজাৰি কলে,"মোৰ কি সুন্দৰ বগা ৰং আছিল।তোমাৰ আঁচোৰখিনিয়ে মোক কলংকৰ দাগ দি থলে।তুমি মোক দাগ দি দি কিয় লতেৰা কৰি তুলিলা?তুমি মোৰ জন্মই অসাৰ কৰি তুলিলা।"

                          চিয়াহিয়ে সান্ত্বনা দিয়াৰ সুৰত কলে, "বন্ধু,অলপ ধৈৰ্য ধৰাচন।তুমি মোক বিশ্বাস কৰা।তোমাৰ এই কলঙ্কৰ বাবে মই হলে দায়ী নহওঁ।ইয়াৰ কাৰণে দায়ী মানুহেই। মোৰ সহায় লৈ তোমাৰ গাত মানুহে সাজি গৈছে কিমান শব্দ।তুমি মাথো এখন উকা কাগজ হৈ থকা নাই। বৰঞ্চ শব্দৰ মালা পিন্ধি তুমি এক মহৎ বাণী হৈ পৰিছা।তুমি হলা এক অমূল্য সম্পদ।এতিয়াৰ পৰা তোমাৰ দায়িত্ব হল মানুহৰ যাৱতীয় চিন্তাক বচাই ৰখা।তুমিয়েই হলা মানুহৰ চিন্তাৰ ধাৰক আৰু বাহক।তুমি এতিয়া এক মহামূল্যবান দলিললৈ ৰূপান্তৰিত হলা।কাগজ খিলাই চিয়াঁহীৰ কথাত বিশ্বাস ৰাখিব নোৱাৰিলে।চিয়াঁহীৰ কথাৰ কি দম আছে।চিয়াঁহীৰ সৈতে তৰ্কত জিকি উঠা তাৰ কাৰণে সম্ভৱো নহয়।

বগা কাগজখণে যেন বুজি উঠিলে অন্তৰ্নিহিত সৌন্দৰ্যই হল প্ৰকৃত সৌন্দৰ্য।
                                                                                                                                  বিজয় কুমাৰ দত্ত

Comments

Popular posts from this blog

Assamese sad quotes/assamese Status Quotes/Movies Quotes/অসমীয়া ষ্টেটাছ Quotes/হিন্দী ফিল্মৰ Quotes

Status Quotes in Assamese/Status Quotes/অসমীয়া quotes

Alone Quotes in Assamese/Alone Status